Discover the key decisions made by the Assam Cabinet on 18th July 2024. Stay informed about the latest policies, initiatives, and updates impacting Assam\'s governance and development. Learn more about the significant changes and announcements from this crucial meeting.
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
১৮ জুলাই ২০২৪ | (২ শাওণ ১৪৩১ ভাস্কবাব্দ)

বাল্য বিবাহ ৰোধৰ দিশত শক্তিশালী পদক্ষেপ
- বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নত সমতা আনিবলৈ ৰাজ্যিক কেবিনেটে অসম বাতিল বিধেয়ক, ২০২৪ত অনুমোদন জনাইছে, যাৰ উদ্দেশ্য হৈছে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ আৰু অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধি, ১৯৩৫ বাতিল কৰা
- বিধেয়কখন বিবেচনাৰ বাবে অসম বিধান সভাৰ পৰৱৰ্তী বর্ষাকালীন অধিৱেশনত উত্থাপন কৰা হ'ব
- ৰাজ্যিক কেবিনেটে লগতে নির্দেশ দিয়ে যে বিধান সভাৰ পৰৱৰ্তী অধিৱেশনৰ ভিতৰত বিবেচনা কৰি অসমত মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনা হ'ব

পৰিৱেশ-অনুকূল ভৱিষ্যতৰ লক্ষ্য
- বায়ু প্রদূষণ হ্রাস কৰিবলৈ ৰাজ্যিক কেবিনেটে সংপীড়তি প্রাকৃতিক গেছৰ (চি এন জি) ওপৰত ভেট (VAT) বৰ্তমানৰ ১৪.৫% ৰ পৰা ৩১ মার্চ, ২০২৭ লৈ ৫% লৈ হ্রাস কৰাত অনুমোদন
- এই পদক্ষেপে চি এন জিৰ মূল্য যথেষ্ট যুক্তিসংগত কৰিব আৰু ব্যৱহাৰকাৰীসকলক ইয়াৰ সুবিধা গ্ৰহণ কৰাৰ লগতে নির্গমন হ্রাস কৰাত সহায় কৰিব
কৰ্কট ৰোগৰ বিশ্বমানৰ চিকিৎসা সেবা প্রদান
- কৰ্কট ৰোগীসকলক উত্তম চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্যিক কেবিনেটৰ দ্বাৰা ২০২৪-২৫ বৰ্ষৰ বাবে আছাম কেঞ্চাৰ কেয়াৰ প্ৰজেক্ট ৰূপায়ণৰ বাবে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বাবে ২০০ কোটি টকাৰ বিত্তীয় অনুমোদন
- অসমত এই প্ৰকল্পৰ অধীনত ১৭খন কর্কট ৰোগ চিকিৎসালয় নিৰ্মাণ তথা নিৰ্মাণৰ বিভিন্নৰ পৰ্যায়ত আছে, যাৰ লক্ষ্য হৈছে প্ৰতি বছৰে প্ৰায় ৩০ হাজাৰ কৰ্কট ৰোগীক সেৱা আগবঢ়োৱা
বৰাক উপত্যকাৰ উন্নয়ন তদাৰক আৰু সমস্যাৰ খতিয়ান
- চৰকাৰৰ সুশাসনৰ পদক্ষেপসমূহ যাতে সঠিকভাৱে ৰূপায়ণ কৰা হয় আৰু বৰাক উপত্যকাৰ তিনিখন জিলাৰ সামগ্রিক বিকাশ আৰু উন্নয়ন সুনিশ্চিত কৰাৰ বাবে ৰাজ্যিক কেবিনেটৰ দ্বাৰা প্রতিমাহে ৩ দিনৰ বাবে বৰাক উপত্যকা ভ্রমণ কৰিবলৈ কেবিনেট মন্ত্রীসকলক দায়িত্ব প্রদান
- এই ভ্রমণসমূহে বৰাক উপত্যকাৰ জনসাধাৰণৰ সমস্যাৰ বুজ লোৱাৰ লগতে চৰকাৰৰ কৰ্মসূচীৰ সৈতে সামঞ্জস্য বৰ্তাই ৰাখিব। অঞ্চলটোৰ দ্রুতগতিত বিকাশ আৰু উন্নয়ন সুনিশ্চিত কৰাত এই ভ্রমণ যথেষ্ট সহায়ক হ'ব

জন আৰোগ্য সুনিশ্চিতকৰণ
- ৰাজ্যৰ আৰ্থিকভাবে পিছপৰাসকলৰ বাবে বিনামূলীয়া চিকিৎসা নিশ্চিত কৰাৰ হেতু ৰাজ্যিক কেবিনেটৰ দ্বাৰা ২০২৪-২৫ বৰ্ষৰ বাবে মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা (এম এম এ বাহ)লৈ ৩৭৫ কোটি টকাৰ বিত্তীয় অনুমোদন
- মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা হৈছে ৰাজ্যৰ পৰিয়ালকেন্দ্রিক স্বাস্থ্য সুনিশ্চিতকৰণৰ ধ্বজাবাহী কার্যসূচী, মাৰ জৰিয়তে যোগ্য বিবেচিত প্রতিটো পৰিয়ালক চৰকাৰী আৰু তালিকাভুক্ত ব্যক্তিগত চিকিৎসালয়ত প্রতি বছৰে ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসা সুবিধা প্রদান কৰা হয়
- আঁচনিখনৰ দ্বাৰা ৩৬ লাখ পৰিয়ালক সামৰি লোৱা হৈছে
বি টি আৰৰ বিকাশ সুনিশ্চিতকৰণ
- বি টি আৰত বিভিন্ন উন্নয়নমূলক কাম সময়মতে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্যিক কেবিনেটত বড়োলেও ক্ষেত্রীয় পৰিষদলৈ ৪০১.৫০ কোটি টকা মুকলি কৰাত অনুমোদন
- এই ধনৰাশি হৈছে ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজি -গ্রামীণৰ অধীনত বি টি চিলৈ ২০২৪-২৫ বিত্তীয় বর্ষৰ প্ৰথম কিস্তি
